Image Caption - youtube.com |
Song: Kobita Kenekoi Likhe
Film: Konwarpurar Konwar
Singer: Zubeen Garg and Subasana Dutta
Starring: Nayan Nilim and Tapashree
Music: Poran (Jojo)
Lyrics: Ibson lal barua
কবিতা কেনেকৈ লিখে
কেনেকৈ লিখেনো বাৰু গান
লিখিবৰ মোৰো মন আছে
শব্দবিহীন এটি গান
কবিতা কেনেকৈ লিখে
কেনেকৈ লিখেনো বাৰু গান
যিভাযা চকুৱে কলে
অৰ্থ বিচাৰি পোৱা টান
ধন নালাগে সোণ নালাগে
লাগে মাথোঁ এটি সঁহাৰি
জোন নালাগে সোণ নালাগে
মাথোঁ লাগে এটি হাঁহি
সাধাৰণ মোৰ জীৱনত
অসাধাৰণ সুখ হʼবাহি
কাগজৰ কবিতা বোৰে
কিদৰেনো মন পঢে়
কিদৰে আখৰে মন পঢে়
কিদৰে আখৰে মন ভৰে
সুখ বিলাবলৈ দুখ মুচিবলৈ
এটি হাঁহি জানো পাই বজাৰত
মন আঁকিবলৈ মন যাঁচিবলৈ
অঁনুভুতি পাই জানো দোঁকানত
মন ভিতৰত মন গভীৰত উন্মন
কেনী বিয়পিলা তুমি
তেজ মঙহৰ শৰীৰত কিদৰে লʼলা থিতাপি
কিদৰে আখৰে মন পঢে
কিদৰে আখৰে মন ভৰে
মই পঢ়ি চালো মই লিখি দিলোঁ
এটি কবিতা মোৰ মন দেৱালত
মই আখৰে হৈ মই ভাযাৰে বৈ
ধীৰে ধীৰে মিলি যাম উশাহত
মই কাশৰত যেন কাজলত তোমাৰ
আলফুলে লʼলা আঁকি
আইনাত কোন আহিছে
চাবানে বাৰু পৰোহী
কিদৰে আখৰে মন পঢে
কিদৰে আখৰে মন ভৰে
কাগজৰ কবিতা বোৰে
কিদৰেনো মন পঢে়
কিদৰে আখৰে মন পঢে়
কিদৰে আখৰে মন ভৰে
Comments
Post a Comment